Chapter 1


ভাৰতবৰ্ষ- অৱস্থিতি



প্ৰশ্নৱলী



১. শুদ্ধ উত্তৰ বাছি উলিওৱা ।



i) ভাৰতৱৰ্ষৰ অক্ষৰৈখিক বিস্তৃতিৰ শুদ্ধ তথ্য কোনটো?

ক) ৮° ৮১ - ৩৫°৭ উত্তৰ

খ) ৮°৪ - ৩৭° ৬ উত্তৰ

গ) ৮°৪ - ৩৫°৪ উত্তৰ

ঘ) ৬°৪৫ - ৩৭°৬ উত্তৰ



উত্তৰঃ খ) ৮°৪ - ৩৭° ৬ উত্তৰ



ii) কোনখন দেশে ভাৰতবৰ্ষৰ সতে দীৰ্ঘতম স্থলসীমান্ত অংশীদাৰ হৈছে?

ক) বাংলাদেশ

খ) চীন

গ) পাকিস্থান

ঘ) ম্যানমাৰ

উত্তৰঃ ক) বাংলাদেশ



iii) তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ আকাৰত ডাঙৰ?

ক) চীন

খ) ইজিপ্ত

গ) ফ্ৰান্স

ঘ) ইৰান

উত্তৰঃ ক) চীন



iv) ভাৰতবৰ্ষৰ কাৰণে মান দ্ৰাঘিমা কোনডাল ? ক) ৬৯°৩০ পূৱ খ) ৮২°৩০ পূৱ গ) ৭৫°৩০ পূৱ ঘ) ৯০°৩০ পূৱ

উত্তৰঃ খ) ৮২°৩০ পূৱ



২. তলৰ প্ৰশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-



i) ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে? যদি প্ৰয়োজন, ইয়াৰ কাৰণ কি?

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় ৩০ ডিগ্ৰী আৰু সেয়েহে পূৱ আৰু পশ্চিম সীমান্তত অৱস্থিত দুখন ঠাইৰ স্থানীয় সময়ৰ ব্যৱধান হ'য় প্ৰায় ২ ঘণ্টা। সেয়ে দেশখনৰ মাজত দেখা দিয়া সময়ৰ ব্যৱধানৰ বাবে ভাৰতবৰ্ষত একাধিক মান সময়ৰ প্ৰয়োজন।



ii) ভাৰতবৰ্ষৰ উপকূলৰেখা দীঘল হোৱাৰ ফলত কি সুবিধা বা অসুবিধা হৈছে লিখা।

উত্তৰঃ



iii) অক্ষৰেখাৰ বিস্তৃতিয়ে ভাৰতবৰ্ষক কেনে কুফল দিছে?

উত্তৰঃ



iv) কহিমাত ( নাগালেণ্ড ) যেতিয়া সূৰ্যোদয় আৰু সূৰ্য্যূাস্ত আগতীয়াকৈ হ'য়, দিল্লী আৰু কহিমাৰ
ঘড়ীৰ কাটাত একে সময় হয় কেনেকৈ?

উত্তৰঃ